পৃষ্ঠা:কনফুচিয়াছ.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
কনফুচিয়াছ

হৈ নাথাক। তই যেনে তেনে কনফুচিয়াছৰ বিদ্যালয়ত তেওঁৰ তলত পঢ়িবি। তই মোৰ এই কথা ৰাখিবি আৰু মোক শান্তিত মৰিব দে।” পুতেকে তেওঁৰ ইচ্ছামতে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিলে। বুঢ়ামন্ত্ৰীৰ মৃত্যুৰ পিচত খৃঃ পূঃ ৫১৭ চনত মন্ত্ৰীৰ পুতেক আৰু ৰাজকুমাৰ কনফুচিয়াছৰ ওচৰলৈ গ’ল আৰু শিক্ষা আৰম্ভ কৰিলে। এই দুজন ছাত্ৰৰ লগত কনফুচিয়াছৰ বিশেষ বন্ধুত্ব গঢ়ি উঠিল। এই বন্ধুত্বই কনফুচিয়াছৰ নাম যশ আৰু বহুত দূৰলৈ বিয়পালে আৰু তেওঁৰ জীৱনত এটা ডাঙৰ পৰিবৰ্ত্তনৰ সূচনা কৰিলে। ৰাজকুমাৰৰ লগত কনফুচিয়াছ ৰাজধানী চাবলৈ গ’ল তাতে সাম্ৰাজ্যিক পুথি ভৰালত ইতিহাস গবেষণাত লাগি গ’ল। ইতিহাস অধ্যয়নৰ উপৰিও তাত তেওঁ সঙ্গীত চৰ্চ্চাত মনপুতি লাগিল। সম্ৰাট ৰাজসভাত থকা সঙ্গীতজ্ঞসকলৰ পৰা তেওঁ বিশেষ সহায় আৰু সহানুভূতি পাইছিল। সঙ্গীতৰ প্ৰতি তেওঁৰ গভীৰ অনুৰাগ আছিল। সঙ্গীতে তেওঁক ভোক পিয়াহো পাহৰাইছিল। তেওঁ যে অকল সঙ্গীতৰ ৰাগ তাল আদিৰ সাধনাই কৰিছিল এনে নহয়, সঙ্গীতে তেওঁৰ শিক্ষকতা জীৱনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে মানুহৰ জীৱনৰ সমতা ৰক্ষা কৰিবলৈ সঙ্গীতৰ নিতান্ত প্ৰয়োজন আৰু সেইকাৰণেই তেওঁ শাসননীতিৰ শিক্ষাত সঙ্গীতক এটা অপৰিহাৰ্য্য অঙ্গ হিচাবে পৰিগণিত কৰিছিল।

 ৰাজধানীত থকা কালছোৱাতেই কনফুচিয়াছ সেই সময়ৰ