পৃষ্ঠা:কনফুচিয়াছ.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
কনফুচিয়াছ

ছাত্ৰৰ সংখ্যা তিনি হাজাৰতকৈও অধিক হৈছিল বুলি কথিত আছে। শিক্ষক হিচাবেই যে কনফুচিয়াছৰ নাম দেশত ফাটি ফুটি গৈছিল এনে নহয়। চৰকাৰী বিষয়া হিচাবেও তেওঁৰ যশস্যা জনাজাত হৈছিল। সংস্কাৰক হিচাবে তেওঁ যথেষ্ট খ্যাতি অৰ্জ্জন কৰিছিল আৰু পুৰণিকলীয়া দূষিত ৰীতি-নীতি সাহসিকতাৰে বিলোপ কৰি নতুন কাৰ্য্যকৰী প্ৰথা প্ৰবৰ্ত্তন কৰিছিল। পণ্ডিত হিচাবে কনফুচিয়াছৰ সন্মান অধিক আছিল। ত্ৰিশ বছৰ বয়সতেই তেওঁ ইতিহাস আৰু দৰ্শন সম্পূৰ্ণৰূপে আয়ত্ব কৰিছিল আৰু অতীতৰ সকলো শাস্ত্ৰ মন্থন কৰি ৰাজনীতি, শাসননীতি আৰু নৈতিকতা সম্বন্ধে সুচিন্তিত মত অবিচলিত ভাবে পোষণ কৰিছিল আৰু দৃঢ়তাৰে প্ৰচাৰ কৰিছিল। কনফুচিয়াছে নিজকে বাৰ্ত্তাবহ বুলি অভিহিত কৰিছিল আৰু কৈছিল যে তেওঁ নতুন কথা একো নাজানে আৰু শিকোৱা নাই। তেওঁ মাত্ৰ শাস্ত্ৰত থকা, ইতিহাসত থকা কথাবোৰহে মানুহক শিকাইছে। নিজৰ বিষয়ে তেওঁ যিহকে নকওক, দাৰ্শনিক, অধ্যাপক, সংস্কাৰক আৰু সুদক্ষ শাসক হিচাবে কনফুচিয়াছ গোটেই দেশতে জনাজাত হৈছিল।

 লু প্ৰদেশৰ প্ৰধানমন্ত্ৰীজনে মৃত্যুশয্যাত পৰি থাকি এদিন পুতেকক ওচৰলৈ মাতি নি কৈছিল, “এই দেশত কনফুচিয়াছৰ সমান জ্ঞানী আৰু পণ্ডিত দ্বিতীয় নাই। এই ডেকা কালত পঢ়াশুনা বেচি নকৰিলে আৰু তাৰ বাবে গোটেই জীৱনত অনুতাপ কৰিছো। মোৰ ইচ্ছা তই যেন মোৰ দৰে মুৰ্খ