পৃষ্ঠা:কনফুচিয়াছ.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
কনফুচিয়াছ

মাছুল লৈছিল। কিন্তু দুখীয়া ছাত্ৰৰ পৰা একো নলৈছিল আৰু দাৰিদ্ৰ্যৰ কাৰণে মাছুল দিব নোৱাৰা বাবে কোনো ছাত্ৰই কনফুচিয়াছৰ বিদ্যালয়ৰ পৰা বিমুখ হৈ আহিব নালাগিছিল। তেওঁ ছাত্ৰসকলৰ আগ্ৰহ আৰু গ্ৰাহিকা শক্তিৰহে পৰীক্ষা কৰিছিল। শিকিবলৈ আগ্ৰহ নথকা অথচ আভিজাত্য আৰু শিক্ষাভিমান প্ৰদৰ্শন কৰিব খোজা আঢ্যবন্ত লোকৰ লৰাক তেওঁৰ বিদ্যালয়ত স্থান নিদিছিল। ছাত্ৰসকলক শিক্ষা দিওঁতে তেওঁ বিষয়টোৰ অবতাৰণা কৰি এটা দিশহে কৈ দিছিল আৰু বাকী তিনিভাগ ছাত্ৰই নিজৰ সৃজনী আৰু উদ্ভাবিকা শক্তিৰে পূৰাই পাঠ আয়ত্ব কৰিব লাগিছিল। ছাত্ৰই নিজে একো চিন্তা কৰিব নলগাকৈ গোটেই পাঠটো খৰচি মাৰি তেওঁ পঢ়ুৱাই নিদিছিল। শিক্ষকে কি কলে বা কি ঈঙ্গিত দিলে ছাত্ৰই গভীৰ ভাবে চিন্তা কৰি তাৰ তাৎপৰ্য্য বুজিব লাগিছিল। কনফুচিয়াছে কৈছিল, “কোনো এটা বিষয় পঢ়াওঁতে মই এটা কোণ উপস্থাপিত কৰোঁতে যদি ছাত্ৰজনে নিজে তাৰ বাকী তিনি কোণ শিকিব নোৱাৰে তেতিয়া হলে মই সেই পাঠ পুনৰ নিশিকাওঁ।”

 শিক্ষক হিচাবে কনফুচিয়াছৰ নাম যশ গোটেই দেশতে বিয়পি পৰিল। লু প্ৰদেশ আৰু তাৰ বাহিৰৰ পৰাও দলে দলে ছাত্ৰ আহি কনফুচিয়াছৰ বিদ্যালয় উপচি পৰিল। দিনে দিনে ছাত্ৰসংখ্যা বাঢ়িবলৈ ধৰিলে আৰু যেতিয়া তেওঁৰ বয়স মাত্ৰ ৩৪ বৰ তেতিয়া তেওঁৰ তলত অধ্যয়ন কৰিবলৈ অহা