এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
কদম-কলি
কৰে ঐ ৰতনী, কৰে ঐ শাখিনী,
কিনো কুটেশালে তই!
সকলো লুটিলি ধনাইকে বধিলি,
কেনেকৈ জী থাকোঁ মই।
পৰ্ব্বতে পৰ্ব্বতে বগাব পাৰোঁ মই,
লতা বগাবলৈ টান;
ৰতনী সোণাইকে বৰাব পাৰোঁ মই,
মাকক বুজাবলৈ টান।
বগাকৈ বগলী উৰে কেনে কৰি
পাখিতে পাখি লগাই;
কাৰে নো উৰিব ধনবৰ দুখীয়া,
ৰতনী লগতে নাই!
ফেনে-ফোটোকাৰে বৰ লুইত বৈছে,
বুকুত লৈ খাগৰিৰ জাঁজি,
বুকু উদং কৰি ৰতনী গলে মোৰ,
কাকে লৈ বৈ যাম মই আজি
পূবৰে পচোৱা চাটি মাৰি গলে,
ধানতে থৈ গলে ঠোক;
ধনাইৰে মনাইকে চাটি মাৰি ৰতনী,
মনতে দি গলে শোক।