পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৪
কদম-কলি

কাবৌ কৈ মাতিছোঁ,
বৰাগী ককাই ঐ,
 বীণে যেন নিবিনায়।

(৩)

শোকৰ সুৰটি।
নুশুনিও নোৱাৰোঁ,
 বাঘ-মোৰে ধৰে মোক।
আঁতৰি যাৰৰ
শকতি নাপাওঁ,
 বেজাৰে পীড়িছে বুক।
শুনা ঐ বৰাগী,
আনন্দ কাহিনী,
 আসামৰ যশৰাশি;
হিয়া মোৰ হেৰ
বলৱন্ত হোক,
 পৰাণ উঠক উলাসি॥
বাণ, ভগদত্ত,
নৰকাসুৰৰ,
 ভীস্মকৰ গুণ গা।
ভাস্কৰ বৰ্ম্মাৰ
কীৰিতি সুন্দৰ
 শুনো হেৰ বীণ বা॥