পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৩
কদম-কলি

আসাম ধ্বংসিলে,
 যদি হে গাইছ গান?
মণিৰাম পিয়লিৰ
মৰণ বাতৰি
 যদি তোৰ বীণে গায়?
মানা কৰ তাক,
বৰাগী ককাই ঐ!
 শোক মোৰ উথলায়।
একণি হৃদয়,
এফেৰি সমল,
 কত নো সহিব খুন্দা।
ভাগি ছিগি যায়।
অলপ আঘাতে,
 কিয় তই মোক কন্দা?
বেহুলা শান্তিৰ
নুশুনাবি দুখ;
 চান্দোৰ নকবি কথা;
দুখৰ বোকোচা
বব মই নোৱাৰো,
 অন্তৰত পাওঁ ব্যথা।
বিষাদ বাতৰি
কতনো শুনাবি,
 মনৰ তৰণি নাই।