এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কদম-কলি
৭৯
অন্ত অনন্তৰ মাজত আসন,
বাঁহীটিত বাজে আত্মবিলোপন,
শুন হে শুন হে অমৃত-সন্তান,
আতমা পৰমাত্মত।
১৮৩৩ শক।
আহিন, হাওড়া।
কৰ্ম
কৰ্ম্মৰ জনম জানা তোমাৰ লগতে
তাৰে সৈতে এবাএৰি নাই।
তোমাৰ হাততে আছে কম সজুলি,
মুন মাথো কৰিবৰ উপায়।
১৮৩৪ শক।
জেঠ, হাওড়;
চিযৌবন
কোনে কৈছে বুঢ়া হলো মই?
সি যে ভাই মিছা কথা কয়।
বয়সে, অমৃত প্ৰেমে ডুমুলি সংগ্ৰামে,
জয়ী প্ৰেম, বয়স বন্ধুৱা।
চোৱ। মই চিৰ বিনন্দীয়া!