এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাঁহী
(গীত)
মোৰ একেটি সুৰত বাঁহীটি বন্ধা,
একেটি মাথোন মাত।
ৰাতিয়ে দিনে এটি হুমুনিয়া,
একেটি আনন্দ তাত॥
সুখৰ হাঁহিটি খন্তেকতে মৰে;
দুখৰ এন্ধাৰ খন্তেকতে হৰে ,
শান্ত হৃদয় আবেগে আকুল,
একেটি সুৰৰ আঘাত॥
শবদ কঁপনি সপ্তম, পঞ্চম,
উচ্চৰে “একমেব অদ্বিতীয়ম”,
শোকৰ যাতনা, সুখৰ বাসনা,
মিহলি একেটি তাত॥
বৈচিত্ৰ বিলয়, ভেদ সমন্বয়,
খণ্ডত অখণ্ড, বাঁহীটিয়ে কয়;
হাঁহোন কান্দোন, প্ৰখৰ মধুৰ,
এটি ধ্বনি উঠে তাত॥