পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮
কদম-কলি

( মহৰ্ষি শুক্ৰৰ প্ৰবেশ)।


[ বাৎসল্যভাবে শুক্ৰই দেৱযানীক আলিঙ্গন কৰে ]


শুক্ৰ— আই, দেৱযানী, শুনিছোঁ সকলো মই
 ঘূৰ্ণিকাৰ মুখে। আপোনাৰ সুকৃতি
 দুস্কৃতি অনুসৰি, সকলোৰে ঘটে
 সুখ দুখ সংসাৰত। বোধ কৰো তুমি
 কৰিছিলা কিবা পাপ আই! ফলত
 যিহৰ, ঘটিছে তোমাৰ এই দশা।
 হেন জানি সোণ মোৰ নকৰিবা শোক।
 মলছি চকুৰ পানী, আহাঁ যাওঁ ঘৰ।
দেৱষানী —পাপ-ভোগ হক বা নহক, দুস্কৃতি
 ফলত, নালাগে সি কথা। শৰ্ম্মিষ্ঠাই
 যি কৰিলে মোক, সম্প্ৰতি হে লাগে তাক।
 কইছোঁ বিবৰি মই ঘূৰ্ণিকা দাসীক;
 শুনি আছ সকলো নিশ্চয়।
 আৰু, সঁচা যদি শৰ্ম্মিষ্ঠাই যি কলে
 আগত মোৰ, তেন্তে পিত নকৰি পলম
 এতিয়াই ক্ষমা মগা উচিত তোমাৰ,
 শৰ্ম্মিষ্ঠাৰ কাষত। ঘৃণিত স্তবক
 তুমি তাইৰ বাপেকৰ? প্ৰতিগ্ৰহ
 উপজীবি! কত আছা শুনি—,
 পৰ অন্ন ভোজী স্তাবক সন্তানে কৰে
 অপমান তাৰ প্ৰভু-নন্দিনীক? দণ্ড
 তাৰ নিশ্চিত বিধান!