পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬০
কদম-কলি

কি কৰিলা দেৱযানী! কৰি কি কাম!!
কিয় অকাৰণে এনে দিলা অভিশাপ?
প্ৰত্যাখ্যান কৰিলো তোমাক, ভাবি দোষ
আশঙ্কা নহয়; গুৰুপুত্ৰী বুলিহে
মাথোন। তদুপৰি অনুমতি নাছিল
গুৰুৰ। আৰ্য্যধৰ্ম্ম উপদেশ দিছিলো
তোমাক। তথাপি শাপিলা তুমি নকৰি
বিচাৰ। উপযুক্ত নহওঁ শাপৰ। ধৰ্ম্মতঃ
নহয় শাপ, কামতঃ হে দিয়া। সেইদেখি
দিওঁ মই প্ৰতিশাপ শুনা,—তোমাৰ
মনত যিটো আছে অভিলাষ, নিশ্চয়
নিষ্ফল হব সি। কোনো ঋষিকুমাৰে
তোমাক নিশ্চয় বিবাহ নকৰিব।
“নিষ্ফল অধীত বিদ্যা” যিটো দিলা শাপ,
মানি ললো তাক। কিন্তু এটি কথা ৰল
তাত,—শিকাম সি বিদ্যা যাক মই, সিদ্ধি
হব তাৰ।

( কচৰ প্ৰস্থান।)


( আৰ-কাপোৰ )

১৮৩৩ শক :

ভাদ, হাওড়া।

⸺⸺