পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৯
কদম-কলি

পদত তোমাৰ; অথলত মুক্তাফল
যেনে! হায়! নাপালে তথাপি প্ৰেম
অভাগিনী নাৰী! কিনো বজ্ৰে বন্ধোৱা
হৃদয়! আশা ছেদ বধৰ সমান।
কৰি আশা ছেদ মোৰ, হবা নে হে সুখী?
লভিবা নে শান্তি বিপ্ৰ, হৰি শান্তি মোৰ?
নাৰী বধ পাপৰ কি পৰাচিত নাই?
বোলোঁ, কোন সেই নাৰী?—দেৱযানী,
অপৰাধ শূন্যা দেৱযানী, অনুগ্ৰহে
যাৰ, তিনি বাৰ পালে প্ৰাণ অকৃতজ্ঞ
কচে। ভাবিছা নে হেৰা বিপ্ৰ, উপেক্ষি
অভাগী মোক থাকিবা সুখত? নোৱাৰা,
নোৱাৰা, বোলোঁ নোৱাৰা নিশ্চিয়! ৰমণীৰ
প্ৰেম, ক্ৰোধ, অটল দুৰ্ব্বাৰ। নাৰীৰ
প্ৰণয়বাৰি সমূলি বুৰায়; ক্ৰোধৰ
অগ্নিয়ে দহি, কৰে ভস্ম মূল পৰিমিতে।—

শুনা কচ, শুনা হেৰা ব্ৰাহ্মণ কুমাৰ!
পবিত্ৰ জাহ্নবী জল, দুৰ্ব্বাক্ষত,
তিল কুশ হাতে তুলি লৈ দেৱাযানী
দিয়ে অভিশাপ; ⸺
এতকাল কৰি তুমি কঠোৰ যতন
যি বিদ্যা লভিলা, বিদ্যা মৃত্যুসঞ্জীৱনী,
ফলৱতী নহব তোমাত, বুলিলো নিশ্চয়!