পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কদম-কলি ধৰ্ম্মতঃ সি হেতু, সমন্ধত দেৱযানী। কচৰ ভগিনী। সেইবাবে সুনয়নী, অশোভন তেনে কণা নানিবা মুখত। দেৱযানী-- শুনা কচ! শুনা মোৰ স্বৰূপ বচন - প্ৰত্যাখ্যান কৰি তুমি প্ৰাৰ্থক জনক, নকৰিলা ভাল। অশি ছেদ কৰি মোৰ শালিলা অন্তৰ। বহুকাল পোহা মোৰ প্ৰণয় পখীটি মাৰিল। মুচৰি ডিঙি। ঢালিলা তপত তেল ক্ষত স্থানোপৰি। হাঁহি-মুখ অশোকৰ থুপিটিক ছিঙি, নিমৰমে গচকি পেলালা। নিবমল ঠুনুকা হৃদয়, এচাৰি শিলত ভাঙি, লভিলা সন্তোষ। বৈদুৰ্য্য বিদ্ৰুম ভুলা নাৰীৰ প্ৰণয়, অযতনি অৱহেলি। ঠেলিলা চৰণে। আৰু কোন ৰমণীৰ? শোধে, কোন ৰমণীৰ প্ৰেম? দেৱযানী শুক্ৰ নন্দিনীৰ, দেৱাসুৰ যক্ষ বক্ষে সন্মানে সদায় যাক; থাকোক আনৰ কথা, ইন্ট্ৰো লালায়িত যাৰ কৃপা কণা আশে - | জানা নে হে ব্ৰাহ্মণ সন্তান, ৰণীৰ প্ৰেম, ৰমণীৰ জীৱন, সৰ্ব্বহ? নমৰ্পি এলুৱা প্ৰেম, পৰিছিলো.