পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৬৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কদম-কলি তপস্বিনী, কৰিম সহায়; ব্ৰহ্মৰ পুজাত, মিলাই ভকতি প্ৰেম তোমাৰে সইতে, বিলোপি পৃথক সত্বা, সাধিম ঈশ্বৰ প্ৰীতি; ক্ষুদ্ৰ নদী ব্ৰহ্মপুত্ৰ নদে, কৰি আত্মবিলোপন, বৈ যায় শীতলি সংসাৰ। সি কাৰণে হেৰা প্ৰিয়, হেৰ সুশোভন, নিৰপৰাধিনী মোক কৰি পৰিহাৰ, নাযাবা নাযাবা কদা। বধে ছুব নিশ্চয় জানিবা? কচ।- অনিযোজ্য বিষয়ত নকৰা নিয়োগ মোক হে শুভব্ৰতে! গুৰুততা অধিক তুমি গুৰুতৰা মোৰ। নকৰিবা কোপ। সুপ্ৰসন্ন মনে, মেলানি প্ৰদান কৰাঁ। আছিলো অনেক কাল সুখত ইথানে। অনুমতি দিয়া যাওঁ ত্ৰিদশ আলয়ে। দেবি! আশীৰ্বাদ দিয়া, বাটত বিঘিনি যেন নপৰশে মোক। কথা প্ৰসঙ্গত সুৱৰি দুখীয়া কচক, কৰে। আশা। গুৰু মোৰ জনক তোম, কৰিব শুশ্ৰুষা; সাৱধানে পৰিচাৰ্য্যা কৰি সাধিবা পিতৃৰ তুষ্টি; ক্ৰটী নকৰিবা; বৃদ্ধ তেওঁ। যি পবিত্ৰ ঔৰষত জনম তোমাৰ, আছিলো সেই উদৰত মই।