পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 মূৰ্তি ধৰি কৰে সাম গান। যজ্ঞ ধুম
 সৰগ সোপান। কৰুণা সৌন্দৰ্য্যে ধৰি
 পোৱালি হৰিণাৰূপ জুৰাই পৰাণ।
 কিন্তু, কিন্তু, কৰ্তব্যৰ কঠোৰ শাসন
 এৰোৱা দুষ্কৰ। এৰি জনক জননী
 আছো বহুকাল; জ্ঞাতি বন্ধু শোকত
 আকুল; আশা পালি আছে,-অধ্যয়ন
 কৰি সমাপন কচ উভতিব ঘৰ।
 কৰ্তব্যৰ অধীন সন্তানে সম্পাদি
 কৰ্ত্তব্য, আজি যাব থোজে সেইদেখি
 ঘৰ; আশীৰ্বাদি গুৰুদেৱে কৰি বিদ্যা
 দান, শিষ্যক মেলানি দিলে। তোমাৰ
 কাষত লভিলে মেলানি সুলোচনি,
 যাব পাৰে আজি কচ ত্ৰিদশ আলয়।

দেৱযানী—আছে এটি নিবেদন মোৰ, তোমাৰ
 কাষত,-অঙ্গিৰাৰ পৌত্ৰ তুমি,
 ফুল শীল বিদ্যাৰে মণ্ডিত; সম দম
 তপস্যাৰে অলঙ্কত ৰপু। মহৰ্ষি
 অঙ্গিৰা, মোৰ পিতৃৰ পুজিত। জনক
 তোমাৰ বৃহস্পতি পূজিত সিমতে
 মোৰ। কৃতবিদ্য লভি বিদ্যা তুমি; পুত
 ব্ৰহ্মজ্ঞানে কলেবৰ। আছে মোৰ অতি
 ক্ষুদ্ৰ এটি নিবেদন, শুনা সৌম্য শুনা