পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
কদম-কলি

দূৰণিতে থকা পুতেকক সুৱঁৰি
 মাকে কৰিলে শোক॥
গধূলি গৰু গাই   ঘৰ চাপি আহিলে,
 কোবে খাই মাখিয়তীৰে।
বোৱাৰী, জীয়ৰী,  লৰাৰ হাঁহিৰে
 ভৰিল ঘৰ খিকিন্দালিৰে।
টক্ টক্ টক্ টকাই,  পোঁ পোঁ পোঁ পেঁপাই,
 ধুম ধুম ধুম ঢোলেৰে মিলে।
খম্ খম্ খম্ তালেৰে,  চট্‌ চট্ চট্ হাতেৰে,
 “বিহু খা, বিহু খা" বোলে॥ (ঐ বিহুৱা কাই!)

১৮৩৩ শক।
বহাগ, হাওড়া।