সমললৈ যাওক

পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
কদম-কলি

সাজ লাগিলে শুকান ওঠ ফটিকাৰে তিতে,
পুৱা হলে সন্ধ্যা পূজাৰ ভোট্‌ভোটনি নিতে;
ৰাজহুৱা, পূজাত ওজা, ঘৈণীৰ ওপৰত ৰজা;
হিংসাত সিজা মনটো যেন তেলত বেঙেনা ভজা॥
 নহয় নে বাৰু হাঁহি উঠা?
 হাঁহি হাঁহি আঁহি হুঠা,
 নহয় নে বাৰু হাঁহি উঠা?

১৮৩১ শক।
চ’ত, হাওড়া।

বিহু

(গীত)

(সুৰ—“দেউতাৰ পদুলিত, গোন্ধাইছে মধুৰী, কেতেকী
 মলেমলায়, ঐ গোবিন্দাই ৰাম। )
টকা, পেঁপা, ঢোল  গীতৰ উঠে ৰোল,
 নাচে ডাঙৰীয়া বিহু। (ঐ বিহুৱা কাই!)
নতুনে বছৰটিক,  নতুনে কন্যাটীক
 আদৰে যেনেকৈ শাহু॥ (ঐ বিহুৱা কাই! )
কুঁহি পাত মেলি  গছে আদৰিলে,
 আমৰ মল, কুলিৰে মিলি। {ঐ বিহুৱা কাই। )