পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চালনী আৰু বেজী

চালনীয়ে বোলে বেজী ভাই তুমি কিয় ফুটা?
 নহয় নে বাৰু হাঁহি উঠা?
 হাঁহি হাঁহি আহি হুঠা।
 নহয় নে বাৰু হাঁহি উঠা॥

তিনি-কুৰীয়াই আনে বিয়াই বাৰ-বছৰীয়া;
পকা দাড়ি-চুলি কাঢ়ি কৰে নাইকিয়া;
সেলেঙি লগাই ডেকালি কৰে ওঠ ৰঙা কৰি;
নাতিনী-জুৰীয়া ঘৈণীক মাতে বুলি প্ৰাণেশ্বৰী।
 নহয় নে বাৰু হাঁহি উঠা?

গোফ-ঠুটিৱা ডেকা লৰাই প্ৰেম-কবিতা লেখি,
ভব্য-গব্য কবি হলো ভাবি থকা দেখি,
কাৰ নো বাৰু হাঁহি নুঠে, কাৰ নো নুঠে খং,
“পদ্যপাঠ” পঢ়োতাৰ দেখি এনে ঢং?
 নহয় নে বাৰু হাঁহি উঠা?

ইন্তাহানত ফেল মাৰি মাথা-মুণ্ড লেখি,
কৃটিক হৈ বৰক গালি ছপাই উলিৱা দেখি,
কাৰ নো নুঠে মূৰৰ বিষ, কাৰ নো নাহে হাঁহি,
খজুৱতি তোলা এনে দেখি বালিচাহী?
 নহয় নে বাৰু হাঁহি উঠা?