পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অৱশেষ

  • লিল মালতী, ফুলি সৰি পৰি গ'ল।

বিলোৱা সৌৰভ মাত্ৰ জগতত ৰল। ভাগি গল বীণখনি, ছিগি গুল ভঁৰ। ৰই গল অৱশেষ অমিয়া জোকাৰ। পঞ্চত্বত লীন হল তৰুণী সুন্দৰী। মধুৰ হাঁহিটি মাথো থাকি গল পৰি॥ মাৰ গল দ্বিতীয়াৰ জোনৰ জীৱন! থাকি গল মধুৰতা কিৰিশ কিৰণ। সন্ধিয়াৰ ধীৰ বায়ু ধীৰে গল বলি। মৃদুল হিল্লোল বল হৃদয় আকুলি? আকাঙ্ক্ষাৰ অধীৰতা, উদ্বেগ হিয়াৰ, বাসনাৰ অতৃপ্ততা, আশাৰ নিকাৰ, লাহে লাহে আতৰিা, ৰ’ল প্ৰতিধ্বনি। সুৱাগ সমল গল, থাকিল বিননি, ধন গল, জন গল গল কায়ক্লেশ। সুখ্যাতি অখ্যাতি ৰল, আত্মা অৱশেষ॥ ১৮৩২ শক। 'ত, হাওড়া।