পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


বন-মালাৰ গোন্ধ মধু;
আকাশত হাঁহে বিধু;
আদৰি বন্ধুক আনা,
মিছাতে সময় যায়।
কোনে নো বজায়?

[ ১৮৩২ শক। আঘোণ, হাওড়া। ]

মাতৃশ্ৰাদ্ধ



বিশাল প্ৰকৃতি স্নেহ তিল তিল কৰি
গোটাই ৰচিলে মাতৃ জনমদায়িনী।
কৰুণ ৰসত আৰ্দ্ৰ হৃদয় তোমাৰ,
মূৰ্ত্তিমতী সহিষ্ণুতা। জনম তোমাৰ
অনন্ত কন্দলি বংশে অসাম-গৌৰৱ।
কিহেৰে তৰ্পিম মাতঃ আজি শ্ৰাদ্ধ দিনে,
নি:কিন সন্তান মই? চকুৰ লোৱেৰে
ধুৱাওঁ চৰণ আই আশীৰ্বাদ দিয়া।+

২২/১০/১০, শনিবাৰ।
১৮৩২ শক, আঘোণ, হাওড়া।

_______________________________________________________________

  • পুজনীয় শ্ৰীযুত ৰবীন্দ্ৰনাথ ঠাকুৰৰ “ওলো কে বাজায়” গানৰ

আৰ্হি ভাব আৰু সুৰ লৈ ৰচিত।
+ জননীৰ মৃত্যুৰ এঘাৰ দিনৰ দিনা হোৱা শ্ৰাদ্ধৰ দিনা ৰচিত।