এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বাঁহী
কোনে নো বজাইছে বাহী সন্ধিয়া বেলিকা?
কোনে নো সুৰেৰে মতে “স্বাধিকা” “ৰাধিকা”?
গধূলি বতাহ ধীৰে ৰিব ৰিব বয়।
কোনে “ৰাধা” বুলি মাতে হই তন্ময়?
নোৱাৰে। ঘৰত ৰব টানে বাহী মোক।
লজি ভয় সকলোতে নেওচা পৰোক।
কেনি যাম বাট সখী দেখুৱাই দিয়া।
উগুল-থুগুল ঘন থিৰ নাই হিয়া।
মুখখানি চাই আহো,
মালাধাৰি পিন্ধাই আগে,
হাঁহিৰে মাধুৰী পি আনন্দত ভাহো।
১৮৩১ শক!
মাঘ, হাওড়া।