পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ধোৱখোৱা | (বাগেশ্ৰী—আড়াঠেকা) অনন্ত আকাশ মাজে দে ধোৱ। উৰুৱাই। গল ভোক, গল শোক, দে ভাগৰ পলুৱাই নলি-লগা খোৱখোৱা, কৰি দৈ ঐ কোৱামোৱা, টোবোক ভৈৰব নাদে বিশ্বজগৎ কঁপোৱাই। সম্বৰ্তক বলাহক মেঘবৃন্দ স্তব্ধ হক, বামুণ-ভেকোলাবোৰে যেন আৰু নোটাৰ্টোৰায় ৪ ধূপ ধূনা আঁতৰ হক, ধোৱীখোৱা চাপি ৰক, মোধপাতৰ গোন্ধে যাওক বিশ্ব মলমলাই। ১৮৩১ শক, আঘোণ। ঝাৰসোগোড়া।