এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কদম-কলি
পিছে পিছে খেণে মোৰ,
কাউৰী বুলি জুৱাচোৰ,
খেদাৰ তাপত প্ৰাণ যায় গত মোৰ নাই তৰণি।
কালিদাস, ভৱভুতি,
শেলি, কীটচ, লৰামতি,
জাকে জাকে কবিৰ খেদত থাকে। মই প্ৰমাদ গণি।
গোটেই বছৰ ভয়ত টেপা;
লাগি থাকে। খাই চেপা;
ফাগুণ তত আম ডালত বহি মাতো একণমানি।
“সৰ্ব্বনাশ কৰিলে কুণি।।
বুকুৰ বান্ধৈ কলৈ গলি?”
দায় দিয়ে মোৰ গাত ততালিকে বিৰহিণী।
১৮৩১ শক, আঘোণ।
ঝাৰসোপোড়া