পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্ৰবসুৱাৰ চিঠি


প্ৰিয়াহে!-

 তোমাৰ কঠিন চিত;
চাওঁতে চাওঁতে  তিনি নিশ্য গল,
 চিঠিৰে কৈলা বঞ্চিত।
এয়োদশী ৰাতি  চিঠিৰ সময়
 উকলি যেতিয়া গ’ল,
বকুল ডালত  বেজাৰৰ গীত
 পাথাটিৰ গোৱা হল;
গোৰ গোৰ কৰি  বিষাদ-ডাৱৰে
ওন্দোলাই নিলে মন;
এন্ধাৰে এন্ধাৰে  শোৱাপাটী পাই
 শোকত হলো মগন।
এমুগ দীঘল  দুৰন্ত নিশাটো
 লোৱেৰ খেদালোঁ খপি;
পূবেৰুণ দেখি  শোক-শয্যা এইলোঁ,
 আজি চিঠি পাম জপি।
চতুৰ্দ্দশী ৰাতি  চিঠি পোৱা কাল
 ওচৰাওচৰি পালে,
আশা ৰং ভয়  আৰু যত ভাব
 সোপাই জুমুৰি দিলে।
বুকু ধপ্‌ ধপ্‌  মনত অশান্তি,
 কি কৰোঁ কলৈ যাওঁ;