পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
কদম-কলি

“কেতেকী” “কেতেকী” কৰি  উৰি যায় পখীজুৰি
কত প্ৰেমিকৰ মন যায় তাৰ লগে।
মোৰ মন তোমা বিনে তাত তো নালাগে॥

নিৰ্জন নদীৰ কান,  এজনে গাইছে গান,
বতাহে আনিছে তাৰ ৰিণি ৰিণি সুৰ।
জানা সখী তাত মোৰ আশা নোহে পুৰ।

ফুল ফুল কৰি কত হইছে কবি উন্মত,
কিন্তু মোৰ পক্ষে ফুল নিফুল সমান।
তুমি-ফুল বিনে মোৰ ফুল নাই আন॥

বসন্তৰ কত কুলি  পঞ্চমত সুৰ তুলি।
গায় গীত, তালৈ সখী কোনে কৰে কাণ?
তোমাৰ হাতত মাত্ৰ আছে মোৰ প্ৰাণ॥

১০

বিল ভেটৰ পাহি  জোন দেখি মাৰে হাঁহি,
সেই হাঁহি চাই আৰু কত লোকে হাঁহে।
তোমাৰ হাঁহিত বাজে মোৰ হাঁহি নাহে॥

১১

হৃদয়ে হৃদয়ে স্নেহ,  নাই যদি নাই শেহ,
সকলোৱে চেনেহৰ নদীত সাঁতোৰে।
নেপালে তোমাৰ স্নেহ মোৰ হিয়া খনে॥