পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তোমাকেহে ভাল পাওঁ মৰমৰ সখী

তোমাকেহে ভাল পাওঁ  তোমাৰেহে মুখ চাওঁ
তোমাকেহে দিনে ৰাতি ফুৰোঁ মই দেখি।
তোমাকেহে ভাল পাওঁ মৰমৰ সখী!

একেথিৰে একেমনে  একভাৱে একেথানে
থাকোঁ কেতিয়াবা হৈ কাঠৰ পুতলা।
নোহে আন একো, মাত্ৰ জপোঁ তুমি-মালা।

কেতিয়াবা গুণ-গুণ  কৰি গীত সকৰুণ,
হিয়াৰ হিল্লোল এটি কৰোঁ যে বেকত।
থাকা সখী তুমি মাত্ৰ সেইটি গীতত।

হেৰাল হেৰাল কিবা  বুলি ফুৰোঁ ৰাত্ৰি দিবা
নেপাই নিৰাশ হৈ হুমুনিয়া কাঢ়োঁ।
তুমিহে হেৰোৱা ধন, তোমাকেহে স্মৰোঁ॥

নিমাত দুপৰ ৰাতি একেথিৰে তৰা এটি
চাই টপটপ, পানী পৰে যে চকুৰ।
তোমাৰেহে ভাবে হিয়া কৰে মষিমূৰ॥