এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কদম-কলি
দব নথকা ৰোগ কিয় দিলে মোক?
নহলে মইনা, যই নাপাওঁ কিয় তোক?
এয়ে নে চিকুণি মোৰ ললাটত লিখা হল?
মইন। মইন কৰি মৰিব লগীয়া হল।
আছে যদি সঁচাকৈয়ে, তই যদি হৱ ভয়ে,
দে দেখা দে ধৰা, কত নো জীয়াতু সম?
কত চট ফট কৰি জীৱনৰ ভাৰ বম?
কান্দোতে কালোতে মোৰ চকু হেৰ উখহিল ||
মাতোতে মাতোতে মাতো ভাগি নাইকিয়া হল।
ভাবতে ভাবতে সোণ, শুকালে। থে-সনি যেন,
তথাপি এখুদো তোৰ নালাগে মৰম!!
মেক পুৰি মৰাটোৱে তোৰ নে ধৰম?
মধুৰ মইনা নাম নাজানো কোনে নো দিলে;
শিলৰ বুকুত কোনে প্ৰেম-লৱনু সানিলে?
নিমিলিল নাও-গাও নালাগিল অওভাও,
নতু মইনাৰ হিয়া মইনাত নাই;
কেনেকৈ এনে কথা হব পাৰে হায়?
|
৮
নাই দেখা নাই শুনা কেনে নোমইনা তই।
কলৈ গলে কি কৰিলে তোক হেৰ পাম মই?