পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মইন মইনা মইনা বুলি কতনো মাতিম মই, কতনে বিনাই আৰু কাকূতি কৰিম ঐ, নাইনে মইনা মোৰ? নাইনে কি মন চোৰ? নাইনে নাইনে মোৰ মইনা মউৰ? নাইনে জগতে মোৰ চেনেহ-চকোৰ? কিমা ঢাকুৰি হিয়া বিচাৰে পখীটি মোৰ, কিমান চিন্তাই বুকু চিটাচিট কৈলে মোৰ, বিয়াকুল বিয়াকুল, নাই তাৰ কুলাকুল, তথাপি বাতৰি নাই মইনা পখীৰ; তথা িবাতৰি নাই চকুৰ মণিৰ! সঁচাকৈ সঁচাকৈ যদি পৃথিৱীত এই। নাই গখী যাক মাতো মইনা মইনা কৈ কিৰ সজা সোগোজালি, মৰম গাখীৰ ঢালি, চেনেহ-চাউলে সৈতে হেঁপাহ-বাটিত দিলে মোৰ হৃদয়ত কৰিনো থাপিত? কিয়নো কিয়নো কাণ মাত-আকলুৱা অতি? কিয় দিলে মুখ মোৰ চুমাৰ বলিয়া পাতি? বুকুত মইনা-ৰোগ কেলৈ মোৰ কৰে ভোগ?