এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কদম-কলি
দিনটোৰ যতেক কথা নামৰ সুৰেৰে
বিনাই বিনাই সখীক কম হৰিষেৰে।
কানিমুনি হোৱা দেখি,
আকোৱালি ধৰি সখী,
ৰাতিটোলৈ লগাম মাত জোৰ মনেৰে।
তেনে সখী এনে হল কোনটো চিতেৰে!
কাউৰীয়ে কা কৰিব গছৰ ডালত ৰৈ,
ফুল-কটা লোটাৰে একোটা পানী লৈ,
ময়য়া ধুম মুখ, বাইটী, সখীৰৰ ধুৱাম,
ৰাতিটো আঁতৰিছিলো বুলি চুমা খাম।
তেৱো খাব চুমা, মোত হেপাহ আছিলে।
দেহি ঐ, এতিয়া দুষ্টে সখীক ভুলালে।
হেৰা কপটীয়া সখী!
কাণসাৰ মাৰি থাকিলে নো কিটো হব?
তেনেকৈ ৰলে জানো গাৰ দায় যাব?
তুমি মোৰ কথাৰ চোন সমিধান দিয়া?
আইহে-কিহৰনো ইমান গপ? গাতে ঘাটি লোৱা।
শাওণ, কলিকতা।