পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩২
কদম-কলি

নিজৰ দুখৰ বোজা নিজে তুমি ৰবা।
লোকৰ পিঠিত তাক কদাপি নিদিবা॥
 * * *
ধীৰ হবা বিচাৰ কামত।
হুৰামুৰা বিচাৰ নামত॥
 * * *
সুনিপুণ কাৰ্য্যপটু জনে
কাৰ্য্য কৰাঁ, কি কাম সপোনে?
 * * *
পুণ্য কাম সঁচাসচি সুখ।
সুচৰিত্ৰে পোহৰায় মুখ॥
 * * *
সাহী হিয়া খন্তেকলৈ ভাগে;
কিন্তু তেজ দিনে ৰাতি জাগে।
 * * *
প্ৰকৃত বন্ধুতা ঠিক পবিত্ৰ বান্ধোন৷
অসময় বিপদত বাঢ়ে তাৰ গুণ।
 * * *