পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৯
কদম-কলি

নপৰিবা পিছ হেৰা আগুৱাই যোৱাঁ
সকলো বাঢ়িছে আগ, পিছ এলেহুৱা॥
মৰণ পৰ্য্যন্ত কাম, নাহিকে এৰণ।
মানপী জন্মৰ জানা কৰ্ত্তব্য সাধন॥
 * * *
এটি কথা আমোলন, অন্তৰৰপৰা॥
লক্ষ কথা এবকলা, জীৱন্ততে মৰা!
 * * *
জ্ঞানপথ এৰি জ্ঞানী যায় কেতিয়াবা।
অন্তৰৰ বাণী, বোপা, সদায় শুনিবা॥
 * * *
জয় লক্ষ্মী আজিয়েই আগত তোমাৰ।
কালি বুলি বহি থাকি নহবা অসাৰ॥
 * * *
বলী কৰা হৃদয়ক; হে মৰতবাসী।
দুখত জ্বলক তেজ, শোকত যে হাঁহি।
অন্ধকাৰ ডাৱৰত বিজুলী চমকে৷
এন্ধাৰ নিশাত জানা তৰা চিক্ মিকে॥