পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২০
কদম-কলি

প্ৰেমত ঘূৰিছে ভূমণ্ডল।
প্ৰেমত ফুলিছে শতদল
 * * *
ওখ কৰা আশা।
নিৰাশা কৰ্ম্মনাশা৷
 * * *
অলপ সুখৰ পৰিমাণ,
  নকৰিবা তাক আৰু তাকৰ;
কৃতকাৰ্য্য গুৰিতে নেদেখি,
  নহবা হে মিছাতে কাতৰ।
 * * *
চকুক চাবলৈ দিয়া, সুন্দৰ যি পাৰে।
অনুভৱ হিয়াত হক যতমান ধৰে।
 * * *
ক্ষম কৰাঁ, ক্ষমা পাবা তুমি।
ভাল কৰাঁ হবাঁ উৰ্দ্ধগামী॥
 * * *
মৰম কৰিছে কোনে কয়?
সঁচা যি অটুট সদায় ৰয়।
 * * *