পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তিলকা


 তিলকাৰ বয়স দহ বছৰ। গিৰিয়েকৰ মুখ নেদেখাকৈয়ে তিলকা বাৰী হল। তিলকাৰ মাক বাপেক ককাই ভাই কোনো নাই; আছিল বুঢ়ীমাক ৰাঙলী। ৰাঙলীয়ে মাগি-খুজি তিলকাক খুৱাই প্ৰতিপাল কৰি আছিল। এদিন ৰাঙলীও মৰি থাকিল। তিলকাই বুঢ়ীমাকৰ শৱটো আগত লৈ এইদৰে বিনাই কান্দি আছিল; তাৰে দুফাকিমান তলত দিলোঁ; শোক লাগে দেখি বাকীখিনি এৰিলোঁ—

(সুৰ-আগলি কলপাত লৰে-কি-চৰে। )
তিলকা হেনো তোৰ তামোলৰ ডাবি।
বুকুৰে তিলকাক বুকুতে থবি।
আজি পৰি ৰল তিলকা তোৰ।
এৰি গল আইতা ৰাঙলী মোৰ।
কোনে নে ৰাইকহৰ সাধুটি কব।
বাৰী দুখুনীৰ দুখ কোনে পতিয়াব।
মই হেনো বাৰী, মোৰ কোনোৱেই নাই।
কলৈ গলি নাতিনীৰ ৰাঙলী আই।
“বাৰীৰে কোঁৱৰৰ দুখৰে সাধু
শুনি মই বিলাপোঁ, দুখতে কান্দো।
খৰিভাৰী পালে ৰজাৰে জী;
সতিনী কৰিলে সতিনীৰ কি;
কোনে কৈ তিলকাক ভুলাব শোক।
এৰি গল দুখতে আইতাই মোক।