এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৭
কদম-কলি
প্ৰতিজ্ঞা বেয়াকৈ কৰা আছে মোৰ, নোৱাৰিলে দুখ পোৱা॥
থাওঁক মোৰ ছোৱালী, নেলাগে মাতিব, তোমাক নিদিওঁ দুখ।
নুশুনো শবদ, তাইৰ মাত নুশুনো, চকুৰেই লভিম সুখ॥
৬
কমতা কেঁৱৰে প্ৰণামি বুলিলে, “নিৰাশ নকৰিব মোক;
পৰীখো কপাল বুলি আহিছিলোঁ, দিয়ক, নিদিব শোক॥’’
নিৰুপায় নৃপে অনুমতি দিলে, কন্যাক অনালে মাতি।
দেখিয়েই কোঁৱৰে আঙ্গুলি লগালে বীণখন কৰি কাতি॥
সৰেঙ্গ, গান্ধাৰ, কামদ ৰাগিণী অমৃত বৰষি গল।
নিমাতী কইনাৰ হৃদয় বুৰিল, সকলো তম্ভিত হল॥
ধ্বনি প্ৰতিধ্বনি ৰোল উঠি গল, আননত নাচিল জীৱ।
কোঁৱৰৰ ডিঙিত ওলমি মইনাই মাতিলে “প্ৰাণপ্ৰিয়’’॥
ৰজা উঠি আহি দুইকো আকোঁৱালি, শুঙিলে দুইৰো মুৰ।
কন্যা দান কৰি বীণ-কোঁৱৰক ৰঙত মজিল পুৰ॥
১৮৩৫ শক
শাওণ, হাওৰা৷
⸺⸺