সমললৈ যাওক

পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
কদম-কলি

“হল”, “হব”, নকৰি ভাবনা,
“হৈছে”ত পেলোৱাঁ আপোনাক॥

⸻⸻


মুখ্য লক্ষ্য

জীৱনৰ মুখ্য লক্ষ্য কাম,
 শকতিৰ সম্পূৰ্ণ বিকাশ।
ঈশ্বৰৰ সুনিৰ্দ্দিষ্ট মানুহৰ কাম,
 তাত কৰাঁ বাস॥
কৰাঁ তাক ঈশ্বৰত কৰি সমৰ্পণ
 নিজ, পৰ অৰ্থে।
আচৰিত আনন্দৰ মিলি যাব ৰোল
 সন্তোষেৰে সৈতে॥

⸺⸺


কৰ্ম্ম-জীৱন

কামত মগন জন জীৱন সাম্ফল :
কামত জীৱন আগুৱায়।
কামে ঠেলি নিয়ে জানা উন্নতিৰ বাট।
তাৰ আৰু কোনো চিন্তা নাই॥