পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

এতিয়াই

নাথাকিব চাই, কৰিম কৰিম বুলি কাম।
 এই মূহুৰ্ত্ততে লাগি যোৱাঁ।
কৰিব পাৰিম বুলি যি ভাবিছা তুমি,
 কৰাঁ যদি সাহিয়াল হোৱাঁ॥
এতিয়াই লাগি যোৱা, মনে বল পাব,
 উছাহত সকলো সিজিব।
অসাধ্য সাধন এনে বাজিকৰে কৰে,
 “সাহে সিধি, আৰ্জে নিধি” হব॥

⸻⸻

উদ্গণি

দিন যায়, উঠাঁ সাজি পাৰি;
 সপোনত নিনিবা সময়।
আনে চোৱাঁ যুজিছে যতনে;
 তুমি কিয় কাল কৰা ক্ষয়?
ৰণুৱাৰ শাৰীত তোমাৰ
ঠাইকণি নেদেখানে মিতা?
সকলোৰে শক্তি অনুসাৰে
যুজিবলৈ তাছে কিনো চিতা?
ভূত আৰু ভবিষ্যত মিছা৷
বৰ্ত্তমানে মাতিছে তোমাক।