পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কোনটো উজু? ভাল কৰা উজু কাম; বেয়া কৰা টান। ভাল কৰা সাধ্য; বেয়া অসাধ্য-সাধন। নিয়মৰ বান্ধোন জোন, বেলি, আকাশৰ তৰ1. পোহৰায় নিয়মত ধৰা। কৰ্ত্তব্যক সেইদৰে তুমি নিয়মিত কৰিবলৈ বৰ।। মান অপমান . সৰু কাম ঘিণ কৰা তুমি? বৰলৈ মোৰ হেপাহ? একো নকৰা হে অপমান। সৰু বৰ মনৰ বিকাশ।