পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চকু

চকু লাগে নিজ কাম চিনি লবলৈ।
সৰু কাম?—হানি কিবা তাত?
ঈশ্বৰৰ দত্ত সেয়ে, ভাবি লৈ তুমি
এহাশুধীয়াকৈ দিয়াঁ হাত॥

⸻⸻

প্ৰকৃত জীৱন

জ্ঞানীয়ে প্ৰণাম কৰে, মূৰ্খই স্বীকাৰ,
নিজ আচৰণ ব্যৱহাৰ।
কৰ্ম্মশীল জীৱনেই প্ৰকৃত জীৱন;
অন্যৰূপ জীৱন ধিক্কাৰ!

⸺⸺

সুখবোধ

কাৰেঙৰ ৰজা আৰু জুপুৰিৰ প্ৰজা।
 কোনেও নুবুজে কিনো সুখ;
মূৰৰ ঘাম ভৰিত পেলাই,
 যদি তেওঁ নাই কৰা দুখ॥

⸺⸺