পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সৰু আৰু বৰ

কামৰেই হে উন্নত আসন,
ওখ সৰু ভেদ বিনাশন।
পাচি সজা, কামি চছা, টঙাল তুলুৱা,
সন্মানৰ কাম; নীহ,—মাথো এলেহুৱা॥

————

আত্মসমৰ্পণ

শুনা মোৰ কোনো চিন্তা নাই।—
চিন্তাৰ গৰাকীক চিন্তাৰ ভাৰ দিছোঁ ভাই?
তুমি মৰা আপোন চিন্তাত।
মোৰ চিন্তা অচিন্ত্যৰ গাত॥

————

তোমাৰ কাম

সৌ যে চুককণি আছে তোমালৈ পৰি,
উন্নতিৰ ঠাই, হেৰাঁ যোৱা কাচিপাৰি।
অজ্ঞান এন্ধাৰে ঢকা গুটিদেক লোক
আছে তাত, জ্ঞান দিয়া, জন্ম সাম্ফলোক॥
সুখী কৰাঁ দুখিতক, আশীৰ্ব্বাদ লোৱাঁ।
ঈশ্বৰৰ থানলৈ আগবাঢ়ি যোৱাঁ।

————