পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

কৰ্ম্মৰ আত্ম-প্ৰতিপাদন

মূহুৰ্তেকো ব্যয় নকৰিবা
নিজ কাৰ্য্যগুণ ব্যাখ্যা কৰি।
কাৰ্য্যে নিজে প্ৰকাশ কৰিব;
নোৱাৰিবা তুমি তো চিয়ঁৰি॥

————

এলাহৰ দৰব

জীৱনক ধেমালি নাভাবি
কৰি যোৱাঁ প্ৰাণ টাকি বন৷
বখানক যেয়ে যিকে কৈ,
ইজীৱন নহয় সপোন।
সকলো যে কামত মগন,
দিনে ৰাতি শাতি-শুৰ্ত্তি নাই।
এলাহ সাবটি থকাজন
পলে পলে ৰসাতল যায়॥

————