পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০১
কদম-কলি



 (৫)
ভকতি সমল কৰি,
 কোন আছা কত পৰি?
আহা যাওঁ লগ ধৰি,
 স্বামীয়ে পঠাইছে মাতি॥

 (৬)
ভকতৰ পদৰ ধূলি
 মুৰত লৈ বাট বুলি,
প্ৰভুৰ সিংহাসনৰ তলত।
 আহাঁ পৰো গৈ লুটি॥

 (৭)
আসন তলৰ ধূলিত পৰি,
 ভকতিৰ জোলোঙা উবুৰি কৰি,
কটাওঁ মই অনন্ত কাল,
 মনৰ হাবিলাষ এইটি॥
মই মহাপ্ৰয়াণৰ যাত্ৰী।

১৮৩৫ শক।
বহাগ, হাওড়া।

-----