এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কদম-কলি।
সখীৰ প্ৰতি
১
প্ৰাণ সখি! দুখীয়াক জনমলৈ এৰিলা?
অত স্নেহ অত মায়া সকলো পাহৰিলা?
সৌ চোৱা আকাশত ক’লা ক’লা ডাৱৰত
চমকি চমকি বিজুলীয়ে উমলিছে;
গোৰ গোৰ কৰি মেঘে গাজনি মাৰিছে?
ডাৱৰৰ দেখি ভাৱ, ম’ৰাই উথালি গাৱ,
ছালি ধৰি ঠেও ধৰি নাচোন ধৰিছে।
তোমাৰ বিৰহে সখী হৃদয় দহিছে!
২
আকৌ চোৱাঁ পানীপিয়া “পিওঁ” “পিওঁ” মাতেৰে,
জুৰাইছে প্ৰাণ পানী পি হাবিয়াহেৰে।
বুকুৰ বান্ধ! কিন্তু মোৰ সন্নিপাতে মহাঘোৰ,
শুকাই শুকাই হিয়া কৰ্কৰীয়া কৰিলে,
প্ৰাণ-পখী মৰি যাব স্নেহ পানী নিদিলে!