পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৪
কদম-কলি

  হে ৰাখ। মোৰ কথা॥
সি মূৰৰপৰা টানি
ৰতনীকো নিয়া,
  হে ৰতনীকো নিয়া।
কি আছে পৃথিবীত
আৰু, তুমি নাইকিয়া,
  হে তুমি নাইকিয়া॥
ধনাইৰে ৰতনী যাব
চকুৰ লোতে উঠি,
  হে চকুৰ লোতে উঠি॥
পৃথিবীত থব শোক,
টানি ধৰা মুঠি।
  হে টানি ধৰাঁ মুঠি॥
ধনাইৰ চকুৰ পানী হেৰ
কপৌ-ফুল হল এ,
  হে কপৌ-ফুল হল এ॥
সন্তাপৰ কথাখিনি
মূৰ লৰাই কলে,
  হে মূৰ লৰাই কলে॥
টোপনিৰপৰা উঠি
পখীটিয়ে মাতে,
  হে পখীটিয়ে মাতে।