এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
কদম-কলি
গঙাতে উৰিল ঐ গঙাৰে চিলনী,
বালিতে উৰিল ঐ ঘোৰা, *
সেন্দুৰী টিঙতে† বহি উটি গলে
ৰতনী ধনাইৰেপৰা॥
চৰায়ে তুলিলে ঐ ছ’ৰা পোৱালি,
গছৰ ডাল শুৱনি কৰি।
ৰতনীক তুলিলে মাকে বাপেকে,
ধনাইৰ কাল-শতুৰু কৰি॥
লুইতৰ শিহু ঐ টুপাই বুৰ-মাৰিলি,
আকৌচোন এটিবাৰ ওলা!
ধনশিৰীৰ ৰতনী টুপাই বুৰ মাৰি গল ,
ভাঙি মোৰ কামিহাড়েচলা॥
বালিতে চৰিছে দুটি বালিমাহী,
লগৰে লগৰী পাই।
পাৰতে কান্দিছে ধনবৰ দুখীয়া,
ৰতনী লগতে নাই!
- বালিঘোৰা, এবিধ চৰাই।
† ৰতনী যোৱা নাওখনৰ টিংটো সেন্দুৰেৰে বোলোৱা আছিল।