নৈৰ পাৰতে ৰাজআলিৰ মূৰত লাগি আছে। যিবিলাক যাত্ৰীয়ে আগতে
ৰাজআলিটি ধৰি জাহাজখনত পোহৰ ওলাওতেই উঠিব পাৰিব সেই-
বিলাকেই পুৱাৰ সময়তেই সেইৰাজ্যখনি পহুছিব। পিছত থকা বিলাকে
পিছ পৰি তাত মাটি নাপাই আনৰ তলতীয়া হৈ মাটি লৈ থাকিব লাগিব,
এইকাৰণে হে অসমীয়া ৰাইজসকল! বাটৰ খেলিমেলি যাতে নালাগে
তদৰ্থে জনদিয়েক পথপ্ৰদৰ্শকক চাই-চিতি বাছি লোৱা। দুখৰ বিষয়,
এনে পথপ্ৰদৰ্শক আমাৰ দেশত আজিও নোলাল আৰু ওলাবলৈকে
চেষ্টাও নকৰে। যি কোনো দেশতেই স্বাৰ্থত্যাগী মহামনা মানুহ
নোলালে জাতিৰ কল্যাণ সাধিত নহয়েই যে ই ধৰাবন্ধা কথা।
কিন্তু আমাৰ অসমীয়ামানুহৰ ভিতৰত এতিয়ালৈকে এনে মানুহ
নোলাৱাৰ মূলত কাপুৰুষতা। যি জাতিৰ হৃদয়ত সাহ নাই, প্ৰেম
নাই, সেইজাতিৰ ভিতৰত বীৰপুৰুষৰ জন্ম হোৱা অতি অসম্ভব
কথা। আনপিনে চাবলৈ গলে কিছুমান মানুহে ত্যাগ-স্বীকাৰ নক-
ৰিলে স্বজাতিক কেতিয়াও উন্নতিৰ বাটলৈ নিব নোৱাৰে, যাৰ আছে
সেয়ে নিজ স্বত্ব এৰি ৰাইজৰ উন্নতিৰ অৰ্থে এৰি দিয়া কথাটিকেই
ত্যাগস্বীকাৰ বোলে। নোহোৱাৰ ত্যাগস্বীকাৰ একো নাই। এই
কাৰণে আমাৰ অসমীয়া জাতিয়ে যদি নিজ অস্তিত্ব ৰাখিব খোজে
তেনেহলে যাৰ ধন-বিত আছে সেইসকলে দেশৰ লৰা-ছোৱালীৰ শিক্ষাৰ
উন্নতিৰ সম্পৰ্কে কেতিয়াও যেন কৃপণতা নকৰে। উচ্চ-জ্ঞান শিক্ষাৰ
অৰ্থে আৰু শিল্প-বাণিজ্য নিজ দেশত বিস্তাৰ কৰি আজিকালি
দিনৰ শিক্ষিত যুবকসকলে গৱৰ্ণমেণ্টৰ চাকৰী নকৰি নিজ চেষ্টাৰে
অৰ্থোপাৰ্জ্জন কৰি মানুহ হবলৈ সহায় কৰিবৰ নিমিত্তে ঘাইকৈ আমাক
এটি জাতীয় ধনভড়াল বা বেঙ্কৰ বৰ প্ৰয়োজন হৈছে। এই কাম
যদি হেলা নকৰি আমি অসমীয়া ৰাইজে সোণকালে কৰোহঁক
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৫৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
কঃ পন্থাঃ