সমললৈ যাওক

পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সফুৰা

আঠ

এই মিলন-পুৱা লোৱাঁ আমাৰ
প্ৰীতি-সম্ভাষণ
নকৰিবা ব্যৰ্থ বিপুল
পূজা-আয়োজন।
উষাৰ নৱ পৱন লাগি;
ফুল-কলিটি উঠিল জাগি;
তাকে তোমাক দিলোঁ সঁপি,
শুদ্ধ পৰাণ-মন।

   

পুৱাৰ ৰবি বিমান উঠি
ভুবন উজলায়
ফুলৰ সৌৰভ পৱন ভৰি
পৰাণ আমোলায়।
তোমাৰ আলো, তোমাৰ গন্ধ,
তোমাৰ পুৱা মিলন-ছন্দ,
তৰুণ হিয়াত সজায় আমাৰ
ভক্তি-সিংহাসন॥
১৯২০

নব

বাজে এই ভক্তি-ভেৰি
কাকলি
জননী বীণাপাণি’ চৰণ-কমল
আঁকো’লি।
ওপৰত গগন-ৰভা,
তলে তাৰ জগত-সভা;
জ্বলে কাৰ পুণ্য-প্ৰভা
বসুন্ধৰা উজলি’?

   

জীৱনৰ অমৃত-ক্ষণত
আহি দেৱী দেখা দিল;
শব্দ-ৰূপ-ৰস-ঘ্ৰাণে’
পমি যায় হৃদয়-শিলা
বসন্তৰ আগে আগে,
বাজে বীণ ছয়ো ৰাগে’;
সুৰে সুৰে উঠে প্ৰাণৰ
প্ৰেম-বেণু উথলি॥
১৯২০

দহ

একে মোহন-বেণু বাজে আজি
বিজন জীৱনে।
তোলে তাৰে প্ৰতিধ্বনি
শূন্য পৰাণে॥

   

সঙ্গীত আহে ৰিণি ৰিণি,
শান্ত সুৰে জীৱন-জিনি;
গীতৰ ৰেণু বিয়পে যেন
গগন-পনে।