পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সফুৰা

পাঁচ

গাওঁ আহাঁ, সমস্বৰে
  নৱ মিলন-গীতি;
হিয়াত আমাৰ ব’ক সুবিমল
  প্ৰেম-প্ৰীতিৰ সুতি।
 একৰ হকে শতেক হিয়া,
 দিয়াঁ আজি বিলাই দিয়াঁ;

   

 শতৰ মাজত মহান এক।
  আত্মা উঠক ফুটি॥
 ঘৰে ঘৰে জ্ঞান-জ্যোতি
 প্ৰাণৰ মাজত উঠক ফুটি
লোৱাঁ সুবিমল প্ৰেম-পৰিমল
  হিয়াৰ আঁচল পাতি॥

১৯১৯

ছয়

আজি নতুন ছন্দে’ মিলন-গানে’
  সঙ্গীত-সুধা বিতৰাঁ
বাজে আপুনি আনন্দ-সঙ্গীত,
 নাচে পৰাণ তাৰে তালে;
পুণ্য হৰষে, মৰ্ম পৰশে, -
 সোণালী ছবিটি আদৰাঁ॥
সত্য কৰাঁ স্বপ্ন-কাহিনী
  গৰ্ব-বাহিনী ৰত্ন;

   

মধুৰ বাহিনী
 প্ৰেম-ৰাগিনী,-
  প্ৰাণৰ অশেষ যত্ন।
  লভিবাঁ হাততে অমিয়া,
  শান্তি যাউতি-যুগীয়া;
লোৱাঁ মুখে মুখে
 প্ৰেমৰ বাঁহীটি,
  দিয়াঁচোঁ সুখৰ বতৰা।

১৯১৭

সাত

পৰাণ কিয় বীণ-ব’ৰাগী,
 সপ্ত-সুৰে ভাহে হে?
প্ৰাণত স্নিগ্ধ আলোক-ৰাশি
  অত হাঁহি হাঁহে হে
 জগত-ছবি চকু ৰোৱা,
 সমীৰণে জুৰায় হিয়া;

   

সুধা-সনা বীণাৰ তানে
  লিখিল ভুবন মোহে হে।
ধন্য মহা বিশ্ব-শোভা,
আহা কিনো মন-লোভা
আজি স্বৰ্গী মন্দাকিনী
  আহে নামি আহে হে॥

১৯১৮