পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইন্দ্ৰধনু নতুন পুৱা পৰ-পালি দিয়া ওৰে ৰাতি আমি চকুৱে চকুৱে চাই; নীৰৱে উশাহ, নীৰৱ নিশাহ, সকলো নীৰৱে হায় কোমল বুকুত কৰিছিল দেহী জীৱটি উজনি-ভাটি পৰ-পালি দিয়া চকুৱে চকুৱে চাওঁ আমি ওৰে ৰাতি হাতত সাৰেৰে,ভৰিত সাৰেৰে, সাৱধানে খোজ কাঢ়োঁ; নোৱাৰাত মাথোঁ ঠাৰে-চিয়াৰেৰে দুটি এটি কথা পাতো আমাৰ এফাল শকতি যাচিও যদিহে শুশ্ৰুষা কৰোঁ, নুমাওঁনুমাওঁ জীৱন শলিতা – জানোচা জ্বলাব পাৰে। আমাৰ আশাই ঘোৰ নিৰাশক কৰিছিল এনে জয় নিৰাশাই ঘূৰি আমাৰ আশাক কৰিছিল পৰাজয় ভাবিছিলোঁ, শেষ যেতিয়া সচাতে আছিল নিদ্ৰিত হই | ভাবিভিলোঁ, নিদ্ৰা; যেতিয়া সঁচাতে জীৱ-পখী গলগই কিয়নো হেমন্ত পুৱাৰ নিয়ৰ- টোপালযেতিয়া সবে, পাতল কুঁৱলী মাজেদি যেতিয়া অৰুণে সঁহাৰি মাৰে; চকু-পাহি দুটি জপালে যেতিয়া, আৰু নৰ্কপিল বুকু; নতুন বিশ্বৰ নতুন পুৰাত মেলিলে নতুন চকু। ধ্ৰুৱজ্যোতি নিদয় কাল-পচোৱাৰ নিকৰুণ প্ৰথম স্পৰ্শত, তুমি-ফুল সৰিলাঁ হিয়াৰ জীৱনৰ পূৰ্ণ বসস্তুত। তুমি জীৱ আনন্দ-পুৰৰ, শীত জৰা যত একো নাই; যৌৱন-সৌন্দৰ্য্য পয়োভ, তাতে তুমি মাগিলা বিদায়। নুশুকাই নজহি এফেৰি নসহি সলনি একোলই, গুচি গ'লাঁ অভিমান কৰি চিৰকাল-চিৰকাললই। দেখি গলা ৰ’দঘাই যেন ঠন ধৰা এখনি সংসাৰ; নাই শোক, নাই থেন-মেন, জয়ময় সকলো তোমাৰ। ৪৮