পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বি প্ৰিয়তমাসু তুমি নৰ, তুমি নাৰী, দেৱতা নে, মানৱ, দান, ভবা নাই; তুমি এক মোৰ মনে নৱ অভিনৱ তৃপ্তি আৰু অতৃপ্তিৰ সঙ্গমেৰে বিশেষ আৱেশ; পাৰ্থিৱ বা অপাৰ্থিৱ সৱাটিৰে শেষ সমাবেশ ভনীটিৰ দৰে তুমি লগৰীয়া শুৱনী লাৱণী; তথাপি বুকুত কিয় বিন্ধি দিয়া জীৱনি চাৱনি? তোমাৰ মুখত আছে সানি থোৱা চন্দ্ৰমা কালিমা; ছিটিকালে কোনে তাতে উতলোৱা সি বাসনা কণা? সোমাল হিয়াত আহি অন্তৰৰ লখিমী শাখিনী; পুৰি দিয়া সুখ-শান্তি জীৱনৰ লাগনি অগনি। প্ৰেম কণা ক’ৰ জোনে দিলে ঢালি তুৰন্ত দুৰন্ত? তেজৰ ৰেঘাটি টানি অন্তৰৰ জোনৰ কোণৰ; দিলাঁ দেখা শেষ বেলা যৌৱনৰ পোনৰ সোণৰ যেয়ে হোৱাঁ, জীৱনৰ তুমি হেৰা কাণ্ডাৰী সুন্দৰী দুগাল ভৰাই লোৱা হিয়াভৰা অধৰী মাধুৰী ভোগালী বিহুৰ আজি শুভদিন এয়া নাছিছে ধৰাত; ভৰি উঠে নৱ প্ৰীতিৰ সম্ভাৰ মোৰ আকুল হিয়াত। তৰুণ অৰুণে ধৰে প্ৰকৃতিক কত উলাহে সাৱটি; যাচে হেপাহেৰে ইটিয়ে সিটিক মুগ্ধ নীৰৱ ছবিটি। হৃদয়ত কিন্তু মোৰ উঠে ভৰি এনে বিহুৰ সম্ভাৰ, মুগ্ধ কৰি দগ্ধ কৰি হিয়া হৰি মিলনৰ উপচাৰ। নাম নাই, ভাষা নাই আছে মুঠে কি অপৰূপ গৰিমা বৰষক আজি মাৰ্থে চাৰি ওঠে অনন্তৰ মধুৰিমা মাঘ বিহু, ১৯২০ মৰতত ফুলিলাঁহি তুমি-ফুল জাত পাৰিজাত; বঢ়াইদি সন্দেহৰ বিয়াকুল ঘাত-প্ৰতিঘাত আছিলোঁ ইমান দিনে একে হালি অনন্ত সুসন্ত; 08