পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বসন্ত কোৱাচোন মােৰ জীৱনৰ বীণ, কোৱাচোঁ যতন কৰি, পিব পাৰে জানাে মউপিটিয়ে মউৰস প্রাণ ভৰি? মধুৰ মাধবী নউ যাওঁতেই, লাগোঁতে পিয়াহ তাৰ পিব দিবা জানাে জীৱন-অমিয়া ? -ভাবিয়ে নাপাওঁ পাৰ। লাহৰী বসন্ত আকউ আহিল, ধৰাত ফুৰালে হাত; ঠেও ধৰি ধৰি আমনিত পৰি কুলিয়ে লগালে মাত। তরু-লতা-ফুল সকলাে ওলাল উলাহেৰে কাচি-পাৰি; তুমিহে কেৱল আছাঁ অকলই ভাবনাত মন মাৰি। ভােমৰাই চুমে সেন্দুৰ বলীয়া দুখনি গােলাপী গাল ; নলভিলে চুমা তােমাৰ ওঠৰ মােৰাে যে নালাগে ভাল।

কেউপিনে উঠে হাঁহিৰ উৰুমি, গাইছে চৰায়ে গান ; এনে সময়ত নহবাঁ লাজুকী, নকৰিবা অভিমান। চোঁৱা, প্ৰকৃতিত কেউপিনে ক’ততা নেদেখা শােকৰ লেশ ; তেনে তুমি কয় অকলই বাৰু ধৰিবাঁ মলিন বেশ ? উলাহতে চোৱা ধৰণী মগন, সুখী ই সদউ জীৱ এনে সুক্ষণত প্ৰণয়ৰ বীণ নিমাত নিতাল কিয়? আদৰ-হিল্লোল বয় ধীৰে ধীৰে, পাতিছেনে কেৱে ৰােষ ? কাতি কৰি থােরাঁ তুমিও সকলাে, মৰষিবা মােৰ দোষ। স্বৰ্গৰ বিভূতি আনি ই মৰতে পাতিছে প্ৰেমৰ হাট ; নালাগিব ভাল আমি দুয়াে গই নাপাতিলে বেহা তাত।