পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইন্দ্রধনু, অতৃপ্ত বাসনা প্রাণত জগাই ৰাগিণী কেনিবা গল। উলটি আহিছোঁ নিজ পজালই, এনেতেই এটি সুৰ ক'ৰ পৰা বাৰু উটি আহি মােৰ কাণত ঢালিলে জুৰ ? নুশুনিলোঁ আৰু, আধা শুনা হ’ল,- ইনাে কাৰ প্রেম-গান? হৃদয়ত মাথোঁ ৰ'ল কঁপি কঁপি এটি আধৰুৱা তান। কচুৱা হিয়াও পমি যােকই কোনে বা বাইছে বাহী? তাৰ কঁপনিতে আন্ধাৰ ধৰণী পৰিল আপুনি ভাহি। অচিন নিঠুৰ এইদৰে আহি শত্ৰু শালিলি কিয় হৃদয়ৰ সুখ-স্বপ্ন এনেকই মােহাৰি পেলাই দিয় উটি যাব খােজোঁ তাৰ লগতেই- কিনাে অঘটন হল